sangbad lahar logo

ওদালগুৰিৰ বৰঙ্গাজুলি চাহ বাগিচাৰ বোকাত আৱদ্ধ হৈ থকা হাতী পোৱালিটো অৱশেষত উদ্ধাৰ হ’ল ।

ওদালগুৰিৰ বৰঙ্গাজুলি চাহ বাগিচাৰ বোকাত আৱদ্ধ হৈ থকা হাতী পোৱালিটো অৱশেষত উদ্ধাৰ হ’ল ।
কেইবাঘণ্টাৰ মূৰত অতি কষ্টৰ মাজেৰে উদ্ধাৰ হোৱা কণমানি হাতী পোৱালিটো জীয়াই ৰখাত ব্যৰ্থ হোৱাৰ বাবে দুখ কৰিছে ৰাইজে


ভেৰগাঁৱ, তীৰ্থ শৰ্মাঃ ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাট । কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ ।
প্ৰতিদিনে ওদালগুৰিৰ ডিমাকুছি , ৰজাগড় , হাতীগড় , ঘাগ্ৰা , নালাপাৰা , ধৰমজুলি , টেংকিবস্তি আদি অঞ্চলত বৃহৎ ক্ষতি সাধন কৰি আহিছে বন্যহস্তীৰ বৃহৎ জাকে । যাৰ বাবে কেতিয়াবা নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আকৌ আনহাতে কেতিয়াবা বন্যহস্তীয়ে বিভিন্ন কাৰণত কৰুণ মৃত্যুক আকোঁৱালি লৈছে ।
শনিবাৰে নিশা ডিমাকুছিৰ বৰঙ্গাজুলি চাহ বাগিছাৰ মাজত আৱদ্ধ হৈ পৰি আধালৈকে পোত যায় আছিল এটি কণমানি হাতী পোৱালি । ৰাতিপুৱা বাগিছাত ঘাঁহ কাটিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰি ৰাইজৰ লগতে বন বিভাগক অৱগত কৰে ।
লগে লগেই স্থানীয় কেইজনমান প্ৰকৃতি তথা বন্য প্ৰেমি যুৱকে বাগিছাত উপস্থিত হৈ হাতীৰ পোৱালিতো উদ্ধাৰৰ বাবে অশেষ চেষ্টা অব্যাহত ৰাখিছিল । আনহাতে বাগিছাৰ মাজত বাহৰ পাতি থকা হাতীৰ জাকৰ মাজতে নিজৰ জীৱনকো বন্য হস্তীৰ জাকত উচৰ্গা কৰি বহু সময়ৰ পিছত অতি দুখ কষ্টৰ মাজেৰে স্থানীয় যুৱক কেইজনে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও কিন্তু দুখৰ খৱৰ যে কিছু সময় পিছতে হাতীৰ পোৱালি টোৱে কৰুণ মৃত্যুক আকোঁৱালি লয় ।
সৰহ সংখ্যক যুৱকৰ অপ্ৰাণ প্ৰচেষ্টাত মৰম লগা কণমানি হাতী পোৱালি টো জীৱন্ত অৱস্থাত উদ্ধাৰ হোৱা পিছত আনন্দত আত্মহাৰা হৈ পৰিছিল যুৱক সকল । ইপিনে
নিশাৰে পৰাই চাহ বাগিচাৰ নলাত আৱদ্ধ হৈ থাকি উৎকৎ চিঞৰি কান্দোনৰ ৰোল তুলি থকা পোৱালিতো ৰাতিপুৱা ঘাঁহ কাটিবলৈ যোৱা ব্যক্তিয়ে প্ৰত্যক্ষ কৰি ৰাইজৰ লগতে বন বিভাগক অৱগত কৰায় যদিও কিন্তু সময়মতে
বন বিভাগ উপস্থিত নোহোৱাত ,ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । স্থানীয় ৰাইজ আৰু বন বিভাগৰ মাজত তৰ্কযুদ্ধতো লিপ্ত হয় ।
ৰাতিপুৱাই বন বিভাগক খৱৰ জনোৱাৰ পিছতো বহু দেৰিকৈ ঘটনাস্থলিত বন বিভাগ উপস্থিত হোৱাৰ ফলতেই হাতী পোৱালিটোৱে কৰুণ মৃত্যুক আকোঁৱালি লয়। আনকি ৰাতিৰে পৰা নলাত পৰি থকা হাতী পোৱালিটোৰ বাবে কোনো ধৰণৰ খাদ্য সামগ্ৰী আনা নাছিল বন বিভাগৰ লোকে ।
বহু কষ্ট ভুগি থকা হাতী পোৱালিটো উদ্ধাৰত সম্পূৰ্ণ গাফিলতি দেখা যায় স্থানীয় বৰনদী অভয়াৰণ্যৰ বনকৰ্মী আৰু বন বিষয়া কুশল ডেকাৰ । নিশাৰে পৰাই ৰাইজে বন বিভাগক ফোন কৰা পিছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল কুশল ডেকাই । আনকি ফোন কৰা যুৱকক হে দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ দিয়ে স্থানীয় ৰাইজে । অৱশেষত মৰণোত্তৰ পৰীক্ষা কৰিবলৈ বৰনদী অভয়াৰণ্যলৈ লৈ যায় মৃত হাতী পোৱালিতো ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *