sangbad lahar logo

ওদালগুৰিত আৰক্ষী আৰু NLFB ৰ সংঘৰ্ষত নিহত NLFB নেতা

অসম অৰুণাচল সীমান্তৱৰ্তী দিমাচাঙত যোৱা সোমবাৰে নিশা সংঘটিত হয় এক সংঘৰ্ষ। উক্ত সংঘৰ্ষত নিহত NLFB নেতা জিপিৰিয়ুছ নাৰ্জাৰী ওৰফে এন জাংখালং। নিহত নেতা জনৰ পৰা বিদেশত নিৰ্মিত এটা 9mm পিষ্টল সহ ১১ জাই সজীৱ গুলী উদ্ধাৰ। লগতে নিহত NLFB ৰ নেতা জনৰ পৰা এটা মানি বেগ, আপত্তি জনক নথি পত্ৰ, তিনিটা মʼবাইল ফোন, এখন ডাইৰিৰ লগতে তিনিখনকৈ এটিএম কাৰ্ড উদ্ধাৰ কৰিছে ওদালগুৰি আৰক্ষীয়ে। ঘটনা অনুসৰি প্ৰথমে সেই স্থানত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে প্ৰতিপক্ষই আৰক্ষীক লক্ষ্য কৰি গুলী বৰ্ষণ কৰে। লগে লগেই অভিযানকাৰী আৰক্ষীৰ দলেও প্ৰতিপক্ষলৈ গুলী বৰ্ষণ কৰে। প্ৰায় ২০ মিনিট ধৰি চলিছিল এই সংঘৰ্ষ। তাৰ পিছত ঘটনাস্থলীত নিস্তব্ধতাই বিৰাজ কৰাত ঘটনাস্থলীত গৈ আৰক্ষীৰ দলে নিহত NLFB ৰ নেতা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নতুনকৈ সক্ৰিয় হৈ উঠা NLFB নামৰ উগ্ৰপন্থী সংগঠনটো ধন সংগ্ৰহৰ অভিযানত বিভিন্ন কাৰ্যকলাপ কৰি থকাৰ তথ্য সদৰি কৰে বি টি চিৰ DIG ভাইলিট বৰুৱাই। ওদালগুৰি আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিচিল এই অভিযান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *