
নিউজ ডেস্ক : ঐতিহাসিক কাৰবি শান্তি চুক্তি স্বাক্ষৰকাৰী কেএল এন এল এফ,পি ডি চি কে,কেপিএলটি(আৰ) কেপিএলটি(ডি),কেপিএলটি(এম)আৰু ইউপিএলএৰ নেতৃত্বক সোমবাৰে উষ্ম আদৰনি জনায় ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ নেতৃত্বত ভৈয়ামৰ বিভিন্ন কাৰবি সংগঠণৰ কৰ্মকৰ্তাই।
কাৰবি আংলঙলৈ যোৱাৰ পথত শান্তি চুক্তি স্বাক্ষৰকাৰী সকলক সোণাপুৰৰ ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ কাৰ্যালয়ৰ সন্মূখভাগত কাৰবি লোক গীত- নৃত্যৰে আদৰনি জনোৱা হয়।ইপিনে সংঘৰ প্ৰেক্ষাগৃহত শান্তি চুক্তি সাক্ষৰকাৰী সকলক কাৰবি পংহৰে সম্বৰ্ধনা জনায়। একেদৰে ডিমৰীয়াৰ ক্ষেত্ৰী, তেতেলীয়া, উলনী আদি অঞ্চলটো চুক্তিকাৰী নেতৃবৃন্দক কাৰ্বি জনজাতি ৰাইজে উষ্ম আদৰনি জনায়।