
ধুবুৰীৰ দক্ষিন পাৰত ইলিছ মাছৰ উজান , বজাৰ সমূহত এতিয়া উভৈনদী হৈ পৰিছে সোঁৱাদৰ ইলিছ মাছ,ইলিছ মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতা-ওপৰা।
প্ৰতি বছৰৰ দৰে এই বেলিও ব্ৰহ্মপুত্ৰ নৈত উজান উঠিছে ইলিছ মাছৰ,ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ট হ্ৰাস পোৱাৰ বাবে এনেদৰে উজান উঠিছে মাছ সমূহৰ আৰু যাৰ বাবে মাছৰ মূল্যও হ্ৰাস পোৱা দেখা গৈছে। এহেজাৰ টকাৰ ইলিছ মাছ এতিয়া পোৱা গৈছে দুশ টকাত, জলেশ্বৰ সমষ্টিৰ মেদৰটাৰি আৰু পোৰাভিটা বজাৰত ৰাতিপুৱাই মাছ কিনিবলৈ গ্ৰাহকৰ যথেষ্ঠ ভিৰ।কম মূল্যত পছন্দৰ ইলিছ মাছ ক্ৰয় কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে গ্ৰাহক সকল ।