এম শ্ৰী কালাতলী কাঠমী  আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উৎসৱ বিদ্যাৰম্ভ…

দক্ষিণ কামৰূপৰ ছমৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ ‘পি এম শ্ৰী কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল’ত উৎসৱ বিদ্যাৰম্ভ- ২০২৫ ৷  উৎসৰৱ বিদ্যাৰম্ভৰ আনুষ্ঠানিকভাৱে গছ পুলি ৰোপনেৰে শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আমিন ময়নুল হকে । এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী,শিক্ষক – শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱকা সকলোক লৈ এখনি সভাও অনুষ্ঠিত হয় ৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আমিন ময়নুল হকৰ পৌৰহিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক ওমৰ আলী আহমেদে ৷

উৎসৱ বিদ্যাৰম্ভৰ এই অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী অভিভাৱক সকলে বিদ্যালয় শৈক্ষিক উত্তোৰণৰ ওপৰত আলোকপাত কৰা হয় ৷অনুষ্ঠনটোত ছাত্ৰ- ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণো শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে ৷ পি এম শ্ৰী কালাতলী কাঠমী  আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পঢ়া ছাত্ৰ- ছাত্ৰী সকলৰ বাবে বিনামূলীয়া কৈ উপলব্দ বিনামূলীয়া নামভৰ্তি, পাঠ্যপুথি, ঐক্য পোছাক, মধ্যাহ্ন ভোজন, স্বাস্থ্য পৰীক্ষা, সংখ্যালঘু ছাত্ৰ বিত্ত,শিক্ষামূলক ভ্ৰমণ, গ্ৰন্থাগাৰৰ আদি সা- সুবিধাৰ ওপৰিও আন আন সু-ব্যৱস্থাৰ ওপৰত শৈক্ষিক বিদ্যালয় সভাপতি আৰু তত্বাৱধায়ক প্ৰমূখে শিক্ষক-শিক্ষয়িত্ৰীয়ে অভিভাৱকক উদ্দেশ্যি মূল্যৱান বক্তব্য দাঙি ধৰে ৷