sangbad lahar logo

এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতৰ বাবে ভাল খবৰ । ভাৰতে বিচাৰি পালে এজন বিস্ফোৰক ফিনিচাৰ ।  

মহেন্দ্ৰ সিং ধোনিৰ পৰৱৰ্তী সময়ত ভাৰত দীৰ্ঘদিন ধৰি এজন বিস্ফোৰক ফিনিচাৰৰ সন্ধানত আছিল । এগৰাকী ফিনিচাৰৰ অভাৱ ভাৰতীয় শিবিৰে বাৰুকৈয়ে অনুভৱ কৰিছিল । ভাৰতৰ সেই অভাৱ দূৰ কৰিলে চলিত আই পি এলে । চলিত আই পি এলত কেইবাগৰাকীও ক্ৰিকেটাৰে নিজ নিজ দলক বিজয়ী কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে যদিও এগৰাকী বিশেষ ক্ৰিকেটাৰে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে । বহুতেই ক’বলৈ আৰম্ভ কৰিছে বি চি চি আইৰ নিৰ্বাচকে যিগৰাকী ফিনিচাৰৰ সন্ধানত ইমানদিন আছিল সেই ফিনিচাৰ আহি এতিয়া সকলোৰে দৃষ্টিত ধৰা দিছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ‘ল এইগৰাকী ক্ৰিকেটাৰে ইতিমধ্যে ভাৰতীয় দলৰ হৈ আত্মপ্ৰকাশ কৰিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতাও আহৰণ কৰিছে । ভাৰতীয় দলৰ সপ্তম স্থানত খেলিবলগীয়া এই খেলুৱৈগৰাকী আন কোনো নহয় তেওঁ হ’ল অক্ষৰ পেটেল । অক্ষৰ পেটেলৰ ৰূপত ভাৰতে লাভ কৰিলে ধোনিৰ দৰে এগৰাকী ফিনিচাৰ ।

Related Articles