sangbad lahar logo

এটুকুৰা ৰহস্যময়ী পৌৰাণিক কাঠ। কাঠটুকুৰাক লৈ টীয়কত সৃষ্টি হৈছে তীব্ৰ কৌতুহল…

এটুকুৰা ৰহস্যময়ী পৌৰাণিক কাঠ। কাঠটুকুৰাক লৈ টীয়কত সৃষ্টি হৈছে তীব্ৰ কৌতুহল।কাঠটুকুৰা চাৱলৈ ভিৰ লাগিছে ৰাইজৰ। টীয়কৰ মেলেং বৰখেলীয়া গাঁৱত মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে এডাল পৌৰাণিক কাৰুকাৰ্য্য গঠিত কাঠ আৰু কাঠটুকুৰাক লৈ এতিয়া তিব্ৰ কৌতুহল সৃষ্টি হৈছে সমগ্ৰ অঞ্চলতোত । ৭ ফুট দিঘল অদ্ভুত কাঠটুকুৰা চাৱলৈ ভিৰ লাগিছে স্থানীয় ৰাইজৰ। গোৱিন বৰা নামৰ ব্যক্তিজনে পুখুৰী খান্দোতে প্ৰায় ১২ ফুট মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল এই অদ্ভুত কাঠটুকুৰা। কাঠটুকুৰা কোনো সাধাৰণ যেন লগা কাঠ নহয়, কাৰণ কাঠটুকুৰাত খোদিত হৈ আছে নিপুন হাতৰ কোনো অপূৰ্ব কাৰুকাৰ্য্য ,আৰু তাৎপৰ্য্য কথাতো হ’ল যি টুকুৰা ঠাইত কাঠটুকুৰা ওলাইছে সেই ঠাই শ শ বছৰ ধৰি কৃষি ভূমি হিচাপে ব্যৱহাৰ হৈ আহিছে। তাত নাই কোনো জনবসতি। কাঠটুকুৰাৰ ওজন প্ৰায় ৪০ কেজি আৰু স্থানীয় জ্যেষ্ঠসকলৰ মতে কাঠটুকুৰা প্ৰায় ৪০০ বছৰ পুৰণি।একাংশৰ মতে এইয়া হাটী বন্ধা কাঠ, একাংশৰ মতে ফাঁচি শাল আৰু একাংশৰ মতে ঐতিহাসিক ১১ আলিৰ কোনো বংশধৰৰ সম্পদ। বৰ্ওমান গোবিন বৰা ঘৰত সংৰক্ষিত অৱস্থাত থকা কাঠটুকুৰা পুৰাতত্ত্ব বিভাগে গুৰুত্ব দিয়া উচিত বুলি মত পোষন কৰিছে স্থানীয় ৰাইজে।
দেৱজিৎ বৰা, টীয়ক, ২৬ জুলাই

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *