sangbad lahar logo

এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা…

মৰিগাঁও জিলাৰ জালুগুটিৰ এগৰাকী ব্যক্তিৰ কৰুণ গাথা । ব্যক্তিজনে এমুঠি অন্নৰ বাবে জীৱন যুদ্ধত মনা নাই হাৰ। আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে দেখুৱাম ,‌ জীৱন যুদ্ধত হাৰ নমনা জালুগুটি গাঁৱৰ অজয় কুমাৰ দাসৰ জীৱন পৰিক্ৰমা। এই লোক জনৰ নাম অজয় কুমাৰ দাস , ঘৰ মৰিগাঁৱৰ পূব জালুগুটিত। হঠাৎ যেন অজয় কুমাৰ দাসৰ জীৱনৈ নামি আহিল এজাক কাল ধুমুহা । দুৰ্ভাগ্যবশতঃ ২০১৭ চনৰ ২১ জুন তাৰিখে ভাৰতীয় সেনবাহিনীৰ বাহনৰ তলত দুৰ্ঘটনাত পতিত হয় , যাৰ ফলত দুয়োখন ভৰি অক্ষম হৈ পৰে তেওঁৰ। বহু চিকিৎসা কৰিও সুস্থ হৈ নুঠিল ভৰি দুখন।

উল্লেখ্য যে, কৰ্মক্ষেত্ৰত দুৰ্বাহ হেঁপাহ থকা বাবেই অক্ষম ভৰি দুখনৰে তেওঁ বৰ্তমান বিজুলী মেৰামতি কামৰ জৰিয়তে পত্নী,পুত্ৰ সন্তান সহিতে এজনী অবিবাহিত বাইদেউক লৈ ছয়টিকৈ পৰিয়ালক পোহপাল‌ দি আছে । বৰ্তমান সেয়ে তেওঁক কিছু পৰিমানে ৰাইজৰ আৰ্থিক সাহাৰ্য্যৰ প্ৰয়োজন । যদি কোনো হ্নদয়বান লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে জাগীৰোড সোনাকুছি অজয় কুমাৰ দাসৰ নামত থকা একাউণ্ট নং =20109446078 IFSC code =SBIN0007699 ত আপোনাৰ ধনৰাশি প্ৰেৰণ কৰাৰ লগতে মবাইল নম্বৰত 86382 41095 ত যোগাযোগ কৰি ল’ব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *