sangbad lahar logo

এজনী ছোৱালীক দেখুৱাই বিয়া দিলে আন এজনীক ।

নিউজ ডেস্ক : জুৰীয়াত এক আজৱ বিয়া ।প্ৰতাৰিত হোৱাৰ অভিযোগত ঘটকৰ বিৰুদ্ধে থানাত গোচৰ। এজনী ছোৱালীক দেখুৱাই বিয়া দিলে আন এজনীক ! জুৰীয়াৰ এনে এখন বিয়াক লৈ আজি সৰ্বত্ৰে ব্যাপক চৰ্চা । এই ঘটনা জুৰীয়া থানাৰ অন্তৰ্গত দগাঁৱৰ। দগাঁৱৰ মোকাদিছ আলম নামৰ এজন যুৱকে যোৱা ২৮ আগষ্টত জুৰীয়াৰ মেলেকাধিং গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে সামাজিক ভাৱে বিবাহপাশত আৱদ্ধ হৈছিল। পিছে এই বিবাহক লৈ জীৱনৰ অনিশ্চয়তা দিশে গতি কৰিছে সদ্য বিবাহ পাশত আৱদ্ধ হোৱা দৰা-কইনাৰ ভৱিষ্যত! এই বিয়াৰ ঘটক আছিল ধিঙ গাঁৱৰ ফাৰিকুল ইছলাম নামৰ এগৰাকী লোক! লাস- বিলাসেৰে বিবাহ সম্পন্ন হৈ যোৱাৰ পাছত কইনাক ঘৰলৈ লৈ আহি দৰাৰ চকু কপালত উঠিল ! দৰাই যিজনী কইনা দেখি তেওঁ পছন্দ কৰিছিল আৰু বিয়াত বহিবলৈ সন্মত হৈছিল সেই জনী কইনা এইজনী নহয়। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এনে এক ঘটনাক লৈ এতিয়া মানসিক ভাৱে ভাগি পৰিছে দগাঁৱৰ মোকাদ্দিছ আলম ! মানসিক ভাৱে ভাঙি পৰি আত্মহনন কৰিবলৈ ওলোৱা মোকাদ্দিচক পৰিয়ালৰ লোকে বুজনি দিও বুজাব নোৱাৰা অৱস্থা । উপায়ন্তৰ হৈ এতিয়া দৰাৰ পৰিয়ালে ঘটক ফাৰিকুল ইছলামৰ বিৰুদ্ধে দগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এনে এক ঘটনাই দৰা আৰু কইনাৰ মাজত নামি আহিছে চৰম অমানিশা !

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *