সৰুপথাৰৰ বৰপথাৰ টেঙানী গাওঁ পঞ্চায়তৰ ৰাজগড় গাৱৰ এগাৰাকী শাৰীৰিক ভাৱে সক্ষম যুৱতীৰ উন্নত চিকিৎসাৰ বাবে সহায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিল পৰিয়ালটো।যুৱতী গৰাকীৰ নাম জোনালী দাস। বয়স ১৪ বছৰ।আঢ়ৈ বছৰ বয়সৰ পৰা যুৱতী গৰাকী ভুগি আছে বিশেষ স্নায়ু ৰোগত। যাৰ বাবে খোজ কঢ়া, কথা কোৱাত যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছে পৰিয়ালটোৱে।আৰ্থিক দীনতাৰ বাবে পিতৃ পদ্ম দাস আৰু মাতৃ মামু দাসে কৰাব পৰা নাই উন্নত চিকিৎসা। গোলাঘাট, যোৰহাটকে আদি কৰি বহুতো চিকিৎসালয়ত চিকিৎসা কৰিও সুস্থ কৰি তুলিব নোৱাৰাত উন্নত চিকিৎসা কৰিবলৈ মন পিতৃ-মাতৃৰ। কিন্তু আৰ্থিক অনাটনে জুৰুলা কৰা পৰিয়ালটোৱে চিকিৎসা কৰে কেনেকৈ।
সামাজিক মাধ্যম বা টিভি চেনেলসমূহত মানৱদৰদী ব্যক্তি সকলে এনেধৰণৰ ৰোগী সকলক সহায় কৰি থকা দেখা পাই সংবাদ মাধ্যমৰ জৰিয়তে সেইয়ে অৱগত কৰি সহায় বিচাৰিছে পৰিয়ালটোৱে।
অন্যহাতে সমনীয়াৰ সৈতে খেলা-ধূলা কৰিবলৈ, বিহু নাচিবলৈ, বিদ্যালয়লৈ যাবলৈ ইচ্ছা থকা যুৱতী গৰাকীয়েউ সহায় বিচাৰি জনাইছে কাতৰ অনুৰোধ ।
পৰিয়ালটোৰ যোগাযোগ নম্বৰ- 8099743887