তামুলপুৰৰ গান্ধীবাৰীত উত্তপ্ত পৰিস্থিতি ।
এগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি গান্ধীবাৰী আৰক্ষী চকীত ।
ভৱেন কলিতা নামৰ ব্যক্তিগৰাকীৰ নিৰ্মম প্ৰহাৰত মৃত্যু মনি ডেকা নামৰ ৩৫ বছৰীয়া এজন যুৱকৰ ।
মনি ডেকাৰ মৃতদেহ লৈ গান্ধীবাৰী আৰক্ষী চকী ঘেৰাও আছু, যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজৰ।
অভিযোগ মতে, ভৱেন কলিতাৰ ঘৰত তাঁতশালত কাম কৰিছিল মনি ডেকা নামৰ যুৱকজনে ৷
যুৱকজনক প্ৰহাৰ কৰি তিনিদিন কোঠাত আবদ্ধ কৰি ৰখাৰ অভিযোগ মনি ডেকাৰ পৰিয়ালৰ ৷
পৰিয়ালৰ লোকে খবৰ পাই গান্ধীবাৰী আৰক্ষী চকীত এজাহাৰ দিয়ে আৰু যুৱকজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বুলি জানিবলৈ দিয়ে ।
বৰ্তমান মৃতদেহ আৰক্ষী চকীত ৰাখি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আছু আৰু যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে ।