
এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক…
নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা অলৰাউণ্ডাৰ ক্ৰিছ ক্ৰেনছৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ সংকটজনক। অষ্ট্ৰেলিয়াৰ এখন হস্পাতালত চিকিতসাধীন হৈ থকা ক্ৰিকেটাৰ গৰাকীক ভেন্টিলেশ্যনত ৰখা হৈছে। শেহতীয়াকৈ নিউজিলেণ্ডৰ সংবাদমাধ্যমে সদৰি কৰিছে এই তথ্য।
সংবাদমাধ্যমে সদৰি কৰা তথ্য অনুসৰি, ক্ৰিছ ক্ৰেনছৰ শৰীৰৰ প্ৰায় অংগ একেবাৰে বিকল হৈ পৰিছে। উল্লেখ্য যে, খেলত সক্ৰিয় হৈ থকা সময়ত খেলুৱৈ গৰাকীয়ে নিউজেলেণ্ডৰ হৈ ৬২খন টেষ্ট, ২১৫খন এদিনীয়া আৰু ২খন টি টুৱেন্টি আন্তৰাষ্ট্ৰীয় খেল খেলিছিল। উল্লেখ্য যে, ক্ৰিছ ক্ৰেনছৰ পিতৃয়েও নিউজিলেণ্ডৰ হৈ খেলিছিল।