sangbad lahar logo

এগৰাকী দুৰ্ভগীয়া যুৱতী…

জীৱনৰ সপোঁন ৰচাৰ বয়সতে এগৰাকী যুৱতীয়ে আজি সাত বছৰে বিচনাত হৈ আছে শয্যাগত। যুৱতীগৰাকীৰ নাম মনজিদা বেগম, বয়স মাথোঁ ২৭ বছৰ। খোজ কঢ়াৰ ভীষণ ইচ্ছা মনজিদাৰ কিন্তু তাই আজি সাত বছৰে সংগী হৈ আছে বিচনাৰ। একেবাৰে উঠিব নোৱাৰে। বিচনাৰ গাৰু চকু পানীৰে তিয়াই কেৱল অসহায় ভাবে পৰি আছে এখন বিচনাত। বাক্সা জিলাৰ গোৰেশ্বৰৰ ভোগপুৰ তামুলীখাট গাঁৱৰ এই যুৱতী গৰাকীয়ে এতিয়া চকু পানীৰে বাট নেদেখা হৈছে। ২০০৭ চনত এটি বাছ দুৰ্টঘনাত যোগীঘোপালৈ যাওঁতে আঘাট পাইছিল ককাঁলত। মেট্ৰিক পৰীক্ষা দিয়া বছৰটোতে সংঘটিত হোৱা দুৰ্ঘটনাই তাইৰ জীৱনৰ বহু কথাই সলনি কৰি দিছিল । প্ৰথমে বিশেষ অসুবিধা হোৱা নাছিল যদিও লাহে লাহে মনজিদাৰ শৰীৰ দুৰ্বল হৈ পৰিব ধৰিলে। ২০০৭ চনত মেট্ৰিক পৰীক্ষাত বহিছিল কিন্তু কঁকালৰ বিষৰ বাবে শেষৰ দিনাখনৰ পৰীক্ষা দিব নোৱাৰিলে ।মনজিদাৰ মাতৃ- চুৰীয়া বেগম। পিতৃ প্ৰয়াত আনোৱাৰ আলী । ডাঙৰ হৈ অহাৰ লগে লগে বিষ বেছি হৈ আহিল পান বজাৰ , জি এম চি এইচ, সকলো মেডিকেলতে চিকিৎসা কৰালে কিন্তু উপশম নাপালে। চেন্নাইত ২০১৩ ৰ এপ্ৰিলত নিলে তাত অপাৰেশ্বন কৰিব লাগিব বুলি ক’লে । পিতৃ আছিল যাত্ৰীবাহী বাছৰ কৰ্মচাৰী। পিছলৈ জি এম চি এইচ ২০১৩ চনৰ ৬ আগষ্টত অপাৰেশ্বন কৰিলে। হিপচ্ লগাই পাট্টী লগাই দিলে য’ত এক লাখ বিশ হাজাৰ টকা খৰচ হ’ল । সুদত টকা ধাৰলৈ লৈ মনজিদাৰ অপাৰেশ্বন কৰালে । দুবছৰ ঠিকে আছিল। তিনি বছৰত আকৌ অসুস্থ হৈ পৰিল মনজিদা। পুনৰ চিকিৎসকক দেখুওৱাতে আকৌ অপাৰেশ্বন কৰিব লাগিব বুলি ক’লে। এইবাৰে পাটনালৈ লৈ গ’ল যদিও অপাৰেশ্বনত তিনি লাখ টকা লাগিব কোৱাত অৰ্থৰ অভাৱত বিনা চিকিৎসাই ঘুৰি আহিব লগা হ’ল মনজিদা। এতিয়াও ঔষধ খাই আছে যদিও এতিয়া ঔষধেও কাম নকৰা হৈছে দুৰ্ভগীয়া মনজিদাক। যথেষ্ট কষ্টৰে চিকিৎসা চলাই আছে একমাত্ৰ ককায়েকে। সেয়ে এতিয়া নিৰুপাই হৈ পৰিছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ এই পৰিয়ালটো। জনপ্ৰিতিনিধিৰ সহায় বিচাৰিও কোনো সুফল পোৱা নাই আনহাতে ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়েও। এতিয়া সমুখত কেবল অন্ধকাৰ দেখিছে দুৰ্ভগীয়া পৰিলাটোৱে। সেয়েহে মুখ্যমন্ত্ৰীৰ ওচৰত হাত জোৰ কৰি মনজিদাৰ লগতে মাতৃ আৰু ভগ্নীয়ে কাতৰ আহ্বান জনাইছে যাতে মনজিদাক সুস্থ কৰি তুলিবলৈ অলপ সহায় কৰে। দল সংগঠনৰ লগতে সদাশয় ব্যক্তিয়ে সহায় কৰিবলৈ ইউকো বেংক গোৰেশ্বৰ শাখাৰ একাউন্ট নম্বৰ-০৫৪০০১১০০৫৯২৯৬
আইএফএচচি নম্বৰ- ইউচিবিএ০০০০৫৪০ নম্বৰত সহায় কৰিব পাৰিব। আনহাতে পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ- ৮৮৭৬৪২২৮২৩ ফোন কৰিব পাৰে। আপোনাৰ অকণমান সঁহাৰিয়ে হয়তো সুস্থ কৰি তুলিব পাৰে মনজিদাক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *