মাত্ৰ ১১ বছৰ বয়সতে খলকনি তুলিছে ছচিয়েল মিডিয়াত শফাই । সমগ্ৰ বিশ্বৰ শিশু–কিশোৰৰ মাজত চমক দিছে শফাই ।
ৰূপকথাৰ নানা চৰিত্ৰ যেনে ‘ফ্ৰোজেন’, ‘এলছা এণ্ড এনা’ৰ সৈতে ৰোমাঞ্চকৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে তাই ।
তাইৰ ভিডিঅ’ সাধাৰণতে আৰবী ভাষাত থাকে । ভাষা আৰু কথনশৈলীত প্ৰকাশ পায় সংযুক্ত আৰব আমিৰশ্বাহীৰ
এইগৰাকী কন্যাৰ প্ৰেক্ষাপট । শফাৰ ইউটিউব চেনেলৰ চোৱাচিতা কৰে মাতৃয়ে । ‘ এই চেনেলটোৰ আৰম্ভ হৈছিল ২০১৫ চনৰ ২৯ মাৰ্চত ।
সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে তেওঁৰ ভিডিঅ’ চায় । ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৩৮ মিলিয়নৰ বেছি ।
তেওঁৰ পৰিয়ালৰ বাবে যথেষ্ট উপাৰ্জন কৰে এইগৰাকী কিশোৰীয়ে । তেওঁৰ চেনেলৰ ভিউজ আহিছে ২২ মিলিয়নৰ বেছি ।
পৰিসংখ্যা মতে, শফাৰ ভিডিঅ’ত প্ৰতি ১০০০ ভিউত পোৱা যায় ১.২১ ডলাৰ । যিটো ভাৰতীয় মুদ্ৰাত ১০০ টকা ।
চলিত বছৰত মে’ মাহত ইউটিউব চেনেলৰ পৰা ২ লাখ ডলাৰ উপাৰ্জন কৰিছে তেওঁ । একাধিকবাৰ তেওঁৰ উপাৰ্জন হৈছেগৈ ৩ লাখ ডলাৰ ।