
উদুলি মুদুলি শিৱসাগৰৰ কালুগাঁও নাথগাঁৱৰ বিবাহস্থলী। দৰা আহিছে ঠেলাত। ঢোলে-ডগৰে নাচি বাগি কইনা ঘৰলৈ আহিছে বৰযাত্ৰী। নাথগাঁৱৰ ব্ৰজ আৰু বিজুলীৰ এই বিয়াখনে লাভ কৰিছে বিশেষ চৰ্চা। হয়, এইখন ভেকুলীৰ বিয়া। হোমৰ গুৰিত এইয়া ব্ৰজ আৰু বিজুলী। খৰাং বতৰৰ বাবে ৰাজ্যৰ আন প্ৰান্তৰ দৰে নাথগাঁৱৰ কৃষকে মুৰে-কপালে হাত দিবলগা অৱস্থাৰ সৃষ্টি হৈছে। এনে পৰিৱেশত গঞা ৰাইজে পাতিলে ভেকুলীৰ বিয়া। পানীৰ অভাৱত চিৰালফাট দিছে পথাৰ। পানীৰ অভাৱে কৃষকৰ জীয়াই থকাৰ সম্বল খেতি উছন কৰাৰ দৰে পৰিণতি হৈছে। এনে ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবৰ বাবে সম্পন্ন হৈছে ভেকুলী বিয়া। সম্পূৰ্ণ অসমীয়া নীতি-পৰম্পৰা পালন কৰি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ এই বিয়া। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। শালিধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ’লে অসমৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে ‘ভেকুলী বিয়া’ অনুষ্ঠানৰ আয়োজন কৰে ।এনে সময়তে শিৱসাগৰৰ কালুগাঁৱৰ নাথ গাঁৱত অনুষ্ঠিত হয় ভেকুলী বিয়া। নোৱাই-ধুৱাই বিয়াৰ বাবে ৰাইজে সাজু কৰে দৰা-কইনা। পানী তুলি বিয়ানাম গাই গাঁৱৰ ৰাইজে ভোজ-ভাত খাই সম্পন্ন কৰে অসমীয়া লোকাচাৰত চলি অহা এনে বিয়া। ৰাইজৰ বিশ্বাস ভেকুলী বিয়া সম্পন্ন হলে বৰষুণ দিব। বৰুণ দেৱতা সন্তুষ্ট হ’লে বৰষুণৰ আশীৰ্বাদ আহিব। আকৌ জীপাল হ’ব ধৰিত্ৰী। পথাৰে পাব ন-চন্দ । খেতি হ’ব শস্য শ্যামলা ।