
এগৰাকী ব্যক্তিয়ে সাজি উলিয়াইছে একেলগে দুজন ব্যক্তিয়ে সমানে পেডেল মাৰি চলাব পৰা এখন চাইকেল ।মাজু দাস পেচাত এগৰাকী চাইকেল মেকানিক। ঘৰ মৰিগাঁৱৰ আহতগুৰিত। যাৰ হাতৰ পৰশত প্ৰাণ পাইছে এখন আধুনিক চাইকেলে । এজন নহয় দুজনে সমানে পেডেল মাৰি চলাব পাৰিব এই বিশেষ চাইকেলখন। মাজুৰ সপোন আৰু বন্ধুৰ অনুপ্ৰেৰণাৰ ফলত সাজি উলিয়াইছে এই চাইকেলখন । কিন্তু সম্পূৰ্ণ হোৱা নাই এতিয়াও নিৰ্মাণৰ কাম । কাৰণ অৰ্থৰ অভাৱৰ বাবেই আধৰুৱা হৈ আছে বহু কাম।