Skip to content
এখন অভয়াৰণ্যৰ সুৰক্ষাৰ দায়িত্ব মুৰ পাতি ললে এগৰাকী বিধায়কে।
Home - Local News - এখন অভয়াৰণ্যৰ সুৰক্ষাৰ দায়িত্ব মুৰ পাতি ললে এগৰাকী বিধায়কে।
১১১. ১৯ বৰ্গকিলোমিটাৰ সামৰি থকা এখন অভয়াৰণ্যৰ সুৰক্ষাৰ দায়িত্ব মুৰ পাতি ললে এগৰাকী বিধায়কে।বিভিন্ন বনৰীয়া জীৱ জন্তু চৰাই চিৰিকটি, পখিলা আৰু অৰ্কিডৰ বাবে বিখ্যাত নাহৰকটীয়াৰ জয়পুৰ অভয়াৰণ্য খনত এতিয়া কাঠৰ মাফিয়াই এফালৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্য খনৰ মূল্যবান গছ গছনি । অভয়াৰণ্য খনৰ ভিতৰ চ’ৰাত বিধায়ক গৰাকী উপস্থিত স্বচক্ষে সমগ্ৰ পৰিৱেশ প্ৰত্যক্ষ কৰাৰ লগতে ধমক লগাই স্থানীয় আঞ্চলিক বন বিষয়া গৰাকীক আৰু তাৰ পিছতই অভয়াৰণ্য খনৰ ভিতৰৰ পৰাই জয়পুৰ বৰ্ষাৰণ্য সংৰক্ষণৰ দায়িত্ব মুৰ পাতি ললে নাহৰকটীয়াৰ বিধায়ক নৰেণ সোনোৱালে । সমগ্ৰ ভাৰতবৰ্ষত ছখন বৰ্ষাৰণ্যৰ ভিতৰত জয়পুৰ বৰ্ষাৰণ্যই হৈছে সৰ্বাংগীন সুন্দৰ এখন পূৰ্ণাংগ বৰ্ষাৰণ্য। ব্ৰাজিলৰ আমাজন বৰ্ষাৰণ্যৰ আন্তঃগাঁথনিৰ সৈতে সাদৃশ্য থকা জয়পুৰ বৰ্ষাৰণ্য জৈৱ বৈচিত্ৰতাৰে সমৃদ্ধ হোৱাৰ হেতুকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পূবৰ আমাজন হিচাপে বিখ্যাত জয়পুৰ বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতিকৰণৰ প্ৰচেষ্টা হাতত লৈছে সেই সময়তে জয়পুৰ বন বিভাগৰ হেমাহিৰ বাবে কাঠৰ মাফিয়াই এফালৰ পৰা বন ধ্বংস কৰা কাৰ্যই স্তম্ভিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলৰ লগতে নাহৰকটীয়াৰ বিধায়ক গৰাকীক ।