sangbad lahar logo

এক ব্যতিক্ৰম ধৰ্মী পদ্ধতিৰে শিল্প কৰ্মত ব্যস্ত হৈ আছে এগৰাকী প্ৰচাৰ বিমুখ ভাস্কৰ্য্য শিল্পী

দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বনগাৱঁৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত শিক্ষক তাৰিনী চৰণ নিবাৰীয়ে শিক্ষকতা কৰাৰ সমান্তৰাল ভাবে ভাস্কৰ্য শিল্পতো নীৰৱে সাধনা কৰি আছে । তেওঁ ফেভিকল আঠা আৰু বাতৰি কাকতৰ টুকুৰা সংমিশ্ৰণ কৰি তেওঁৰ সৃষ্টিশীল চিন্তাৰে ভাস্কৰ্য শিল্পৰ কাম কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । তেওঁ প্ৰথমবাৰৰ বাবে কেৱল ফেভিকল আৰু কাগজৰ টুকুৰাৰ সংমিশ্ৰণেৰে সাজিছিল বৰটোপ । যিটো বৰটোপ শিল্পী গৰাকীয়ে নোকোৱালৈকে ধৰিব নোৱাৰি, সেয়া সচাঁ বৰটোপ নে শিল্পীৰ সৃষ্টি ।তাৰ পিছতে তেওঁ ঢাল ,তৰোৱাল আদি নিৰ্মাণ কৰে ।পিছলৈ তেওঁৰ মনলৈ আহে আত্ম বিশ্বাস , আৰু বিখ্যাত ব্যক্তিসকলৰ প্ৰতিকৃতি সাঁজিবলৈ আৰম্ভ কৰে । ইতিমধ্যে তেওঁ ভগৱান বুদ্ধ, প্ৰভু যীশু, ড৹ভূপেন হাজৰিকা, আইদেউ সন্দিকৈ, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰাজেন পাম আদিৰ প্ৰতিমূৰ্তি সুন্দৰ ভাবে নিৰ্মাণ কৰি উলিয়াইছে ।নিৰ্মাণৰত অৱস্থাত আছে সুভাষ চন্দ্ৰ বসু, আব্ৰাহম লিংকন আদি বিখ্যাত ব্যক্তিসকলৰ প্ৰতিকৃতি ।উল্লেখ্য যে, অকল ভাস্কৰ্য শিল্পই নহয়, চিত্ৰ শিল্প, সাহিত্য, সংগীত, নাটকতো আছে তেওঁৰ ভাল দখল।

Related Articles

55 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *