
বঙাইগাঁও জিলাৰ চাকলাৰ শিক্ষিত যুৱক মফিজুল ইছলাম। চাকলাৰ বাসীন্দা আফছেৰ আলীৰ ল’ৰা মফিজুল ইছলামৰ দুয়োটা কিডনী বিকল হোৱাত মূৰত যেন সৰগ ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ । শ্ৰমজীৱি আফছাৰৰ সম্পত্তি হিচাপে একমাত্ৰ ঘৰৰ ভেটি টোৱেই আছে। যাৰ বাবে চিকিৎসা কৰিব পৰা নাই নিজৰ সন্তানক। ৰুগীয়া পুত্ৰক সাৱটি ধৰি ৰাইজ তথা চৰকাৰলৈ পিতৃৰ কাতৰ আহ্বান৷দিন হাজিৰা কৰি দেউতাকে ২৬ বছৰীয়া মফিজুলক বিএ পাছ কৰাইছিল৷ দুখীয়া পৰিয়ালটোৱে মফিজুলক লৈ মৃত্যুৰ ক্ষন গণনাৰ বাহিৰে একো কৰিব নোৱাৰা হৈছে৷ সেয়ে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী,আজমল ফাউণ্ডেচন,কোনো সংগঠন বা কোনো সদাশয় ব্যক্তিয়ে যদি আৰ্থিক সাহায্য কৰিব বিচাৰে তেনেহলে Account No-36283041594.
Cif No- 89427342745.
IFSC Code- SBIN0005091. একাউন্ট নম্বৰ যোগে সহায় আগবঢ়াব পাৰে। phonepay UPI I’D – 7635991398@YBL তো সহায় কৰিব পাৰে। আপোনাৰ কিঞ্চিত সঁহাৰিয়ে হাহিঁ বিৰিঙাব যুৱকজনৰ লগতে পৰিয়ালটোলৈ