একাংশ ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ বেলতলা বাসী ৰাইজৰ সৈতে লৰা ধেমালি কৰিছে গুৱাহাটী পৌৰ নিগমে…

গুৱাহাটী পৌৰ নিগমৰ ভয়ংকৰ কাণ্ড ।একাংশ ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ বেলতলা বাসী ৰাইজৰ সৈতে লৰা ধেমালি কৰিছে গুৱাহাটী পৌৰ নিগমে ।কিয়নো তিনিটা দাষ্টবিনৰ বাবে এতিয়া যমৰ যতনা ভুগিছে ৰাইজে।প্ৰশাসনক বাৰাম্বাৰ কাতৰ অনুৰোধ জনোৱাৰ পিছতো আঁতৰ নহল এই দাষ্টবিনকেইটা।বেলতলা ছাত্ৰ সসন্থাৰ স্পষ্ট কথা যদি এই দাষ্টবিনকেইটা অহা দুদিনৰ ভিতৰত এই স্থানৰ পৰা আঁতৰ কৰা নহয় তেনে হলে ৰাইজৰ সহযোগত কৰা হব প্ৰতিবাদ।কিয়নো বেলতলা ছাত্ৰ সন্থাই এই দাষ্টবিনটো আঁতৰ কৰিবলৈ আয়ুক্তক প্ৰদান কৰিছে স্মাৰক পত্ৰ ।তাৰ পিছতো কাৰ আশীৰ্বাদত এই দাষ্টবিনসমূহ এই স্থানৰ পৰা আঁতৰ কৰা নহল তাক লৈ সৃষ্টি হৈছে বহু প্ৰশ্নৰ ।