এইবাৰ বাতৰিৰ শিৰোনামত সুন্দৰী যুৱতীৰ চুৰিকাণ্ডৰ ঘটনা।

গুৱাহাটী মহানগৰীত এতিয়া যুৱতী মানেই যেন এক আতংক, কেতিয়াবা যদি সুৰাপান কৰি উদ্ভণ্ডালী, কেতিয়াবা আকৌ ৰাজপথত চুলিয়াচুলি। কোন দিশে ধাৱিত আজিৰ এই যুৱতী। এইবাৰ বাতৰিৰ শিৰোনামত সুন্দৰী যুৱতীৰ চুৰিকাণ্ডৰ ঘটনা।
কেমেৰাৰ সন্মুখত তিনি যুৱতীৰ কেৱল দৌৰ, ঘটনাৰ বিৱৰণী অনুযায়ী চেল্ফ ড্ৰাইভিঙৰ নামত গাড়ী বুক কৰি ৩খন গাড়ী লৈ উধাও হৈছিল এই ৩ যুৱতী। ভুৱা আধাৰ-পান কাৰ্ডেৰে ৩যুৱতীয়ে বুক কৰিছিল বিলাসী বাহন। গাড়ী মালিকৰ এজাহাৰৰ ভিত্তিত ৩ যুৱতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

সেইবাবে এতিয়া কেমেৰা দেখিয়েই দৌৰি তৎ পোৱা নাই সুন্দৰী চোৰে। ২খন থাৰ, এখন স্কৰপিঅ চুৰ কৰি ধৰা পৰিল এতিয়া এই ৩ সু্ন্দৰী। দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৩ সুন্দৰীক।

এতিয়া আপুনিয়েই ভাবক, কি হৈছে সমাজ ব্যবস্থাত!! হঠাৎ কিয় বিপথে পৰিচালিত হৈছে আজিৰ যুৱ প্ৰজন্ম!!