
নিউজ ডেস্কঃ এইবাৰ চোৰাং তেলৰ বেহাত নামি পৰিল বৰক্ষেত্ৰীৰ এজন শিক্ষক।বামুণবড়ীত চোৰাং কেৰোচিন তেল সহ এজন লোকক আটক কৰে আৰক্ষীয়ে। প্ৰায় ৫২০ লিটাৰ চোৰাং কেৰোচিন তেল আৰু নগদ ৪১২০০ টকা নগদ ধন জব্দ কৰে দৌলাশাল আৰক্ষীয়ে। নলবাৰীৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত এক অভিযান চলাই তেলখিনি জব্দ কৰাৰৰ লগতে চোৰাং তেলৰ ব্যৱসায়ত জড়িত ফকৰুদ্দিন আলী আহমেদক আটক কৰে। ধৃত ফকৰ উদ্দিন আলী আহমেদ বৰক্ষেত্ৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক বুলি জানিব পৰা গৈছে। চোৰাং তেলখিনি শিক্ষকজনে নিজৰ ঘৰত মজুদ কৰি ৰাখিছিল।