
জোনাইদ আহমেদ, তেলাহীঃ এইবাৰ জোৱাৰীৰ বিৰুদ্ধে সক্রিয় হৈছে মৰিগাওঁ আৰু জালুগুটি আৰক্ষী
নিশা মৰিগাওঁ জিলাৰ জালুগুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বিভিন্ন ঠাইত আৰক্ষীৰ জোৱাৰৰ বিৰুদ্ধে অভিযান ।
মৰিগাঁও আৰক্ষীৰ ABI পৰীক্ষিত ডেকা ৰজা আৰু জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্প জ্যোতি বৰাৰ নেতৃত্বত চলিছিল এই অভিযান ।
অভিযান কাৰী আৰক্ষীৰ দলটোৱে সাতজন লোকক আটক কৰিবলৈ সক্ষম হয় ।
আৰু আটক কৰা লোক কেইজনৰ বিৰুদ্ধে জালুগুটি আৰক্ষী পহৰা চকীত 388/21 নম্বৰৰ এটা গোচৰ ৰুজো কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ।
আটক কৰা সাতজন ক্ৰমেঃ
বৰচকাবাহাৰ আৰব আলী আৰু চাহাবুদ্দিন,
বগৰীতলাৰ জুলহাজ আলী আৰু আইনুল হক,
গৰমাৰীৰ জেহিৰুল ইছলাম,
ৰহডলাৰ ৰৌচন আলী আৰু ৰাজুল আলী ।