
এইবাৰ অসমতে অসমীয়া ভাষাক চৰম অপমান। প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা চৰকাৰী মোনাত লিখা আছে বঙালী ভাষা। অসম চৰকাৰৰ গৰীৱ কল্যান অন্ন যোজনা দুখীয়া পৰিয়ালক চাউল যোগান ধৰিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৫ কেজিকৈ চাউল যোগান ধৰিবলৈ দিয়া মোনাত অপমান অসমীয়া ভাষা। অসমতে অসম চৰকাৰ লিখিলে বঙালীত। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ছবিৰ ওপৰত লিখা আছে বঙালীত আঁচনিৰ নাম। চৰকাৰী আঁচনি যোগান ধৰা মোনাৰ ওপৰত অসমীয়া ভাষা এলাগী কৰি বঙালী ভাষা ব্যৱহাৰ কৰাত এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। এই মোনা সমূহ বিভিন্ন সমবায় সমূহত অসম চৰকাৰৰ খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ তৰফৰ পৰা ধৰা হৈছিল যোগান।