sangbad lahar logo

এইবাৰৰ আই পি এলৰ আৰম্ভণি হ’ব ৩১ মাৰ্চত ; চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছৰ মাজত । হাতত সময় আঠ দিন । কিমান জিৰণি সম্ভৱ ?

 বুধবাৰে সমাপ্ত হয় ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা । ভাৰতীয় শিবিৰৰ পৰা পোনপটীয়াকৈ আই পি এল দলত যোগদান কৰিবনে ক্ৰিকেটাৰসকলে, নে তেওঁলোকক জিৰণি লোৱাৰ সুযোগ দিয়া হ’ব ? গুজৰাটে এদিনীয়া শৃংখলাত থকা হাৰ্দিক পাণ্ডিয়া আৰু মহম্মদ স্বামীৰ বিৰুদ্ধে খেলিছিল । আনহাতে, চেন্নাইৰ হৈ খেলিব ৰবীন্দ্ৰ জাডেজাই । দলসমূহে প্ৰথমখন মেচৰ পৰাই তেওঁলোকক লাভ কৰিব বিচাৰিব । তেনে ক্ষেত্ৰত তেওঁলোকৰ জিৰণি লোৱাৰ সুযোগ অতি কম । ব’ৰ্ডৰ এক সূত্ৰই সংবাদ সংস্থাটোক জনোৱা মতে, ‘একাংশ ক্ৰিকেটাৰে পোনপটীয়াকৈ আই পি এল শিবিৰত যোগদান কৰিব । কিন্তু তেওঁলোকক তিনি-চাৰি দিনৰ বিৰতি লোৱাৰো সুযোগ দিয়া হ’ব । ইচ্ছা কৰিলে ছুটী লৈ ঘৰতে কিছু সময় কটাব পাৰে আৰু আই পি এলত যোগদান কৰিব পাৰে । ” 

পিঠিৰ আঘাতৰ বাবে অনিশ্চিত হৈ পৰিছে শ্ৰেয়াছ আয়াৰৰ সমগ্ৰ আই পি এল । আনহাতে, গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ঋষভ পন্তৰ সুস্থ হ’বলৈ বহু সময় লাগিব । মুম্বাইয়ে পোৱা নাই মূল বলাৰ যশপ্ৰীত বুমৰাহক । ৰাজস্থানৰ হৈ খেলিব নোৱাৰিব প্ৰসিদ্ধ কৃষ্ণই । বুধবাৰে অষ্ট্ৰেলিয়াৰ হাতত এদিনীয়া শৃংখলাৰ পৰাজয়ৰ পিছত ৰোহিত শৰ্মাই কয় যে বাকী ক্ৰিকেটাৰ ফ্ৰেঞ্চাইজিৰ ওপৰত নিৰ্ভৰশীল । তেওঁৰ মন্তব্য, “ফ্ৰেঞ্চাইজিয়ে এতিয়া ক্ৰিকেটাৰসকলৰ মালিক । আমি কিছুমান গোটলৈ বাৰ্তা প্ৰেৰণ কৰিছো । কিন্তু দিনৰ শেষত ফ্ৰেঞ্চাইজিৰ ইচ্ছাৰ ওপৰত একো ক’ব নোৱাৰি । আটাইতকৈ ডাঙৰ কথাটো হ’ল ক্ৰিকেটাৰৰ ওপৰত নিৰ্ভৰ কৰে । সকলোৱেই প্ৰাপ্তবয়স্ক । সকলোৱে নিজৰ শৰীৰৰ যত্ন লোৱা উচিত । খেলা-ধূলা বেছি হোৱা যেন লাগিলে দলৰ লগত কথা পাতক আৰু এখন বা দুখন মেচত বিৰতি লওক ।"

Related Articles