sangbad lahar logo

উপ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাঁজু বাগছা জিলা প্ৰশাসন, ৩০৮ টা ভোটগ্ৰহণ কেন্দ্ৰত ২,১০,৩৭৯ গৰাকী ভোটাৰে কৰিব ভোটদান।

অহা ৩০ অক্টোবৰত ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ লগতে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনটো শুদ্ধ আৰু নিকা কৈ অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্ৰায় সাঁজু হৈ উঠিছে বাগছা জিলা প্ৰশাসন ৷ এই সন্দৰ্ভত বাগছা জিলাৰ নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত আয়ুস গাৰ্গে জানিবলৈ দিয়া মতে তামুলপুৰ সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে । জিলা সদৰৰ মাজ মজিয়াত থকা মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰুমৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ লগতে পৰিবহনৰ বাবেও বাহনসমূহ সাঁজু কৰা হৈছে ৷ ইতিমধ্যে ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু নিকাকৈ অনুষ্ঠিত কৰিবলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হ’ব বুলি জানিবলৈ দি নিৰ্বাচনী বিষয়া আয়ুস গাৰ্গে সমষ্টিটোৰ অন্তৰ্গত স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা ভোটকেন্দ্ৰ সমূহত অতিৰিক্ত সুৰক্ষা কৰ্মী নিয়োগ কৰা হ’ব বুলিয়ো দোহাৰে ৷ ৩০৮ টা ভোটকেন্দ্ৰ থকা সমষ্টিটোত ২ লাখ ১০ হাজাৰ ৩৭৯ গৰাকীকৈ ভোটাৰে কৰিব ভোটদান ৷ ইয়াৰে ১ লাখ ৭ হাজাৰ ২৫৭ জন পুৰুষৰ বিপৰীতে ১ লাখ ৩ হাজাৰ ১২২ গৰাকী আছে মহিলা ভোটাৰ ৷ আনহাতে দিব্যাংগ ভোটাৰসকলৰ বাবেও প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহন কৰিছে বুলি জানিবলৈ দিয়ে উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আয়ুস গাৰ্গে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *