sangbad lahar logo

উত্তৰ গুৱাহাটীত ১০০ ফুট উচ্চতাৰ ৰাৱণ…

উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজাৰ এইবাৰৰ মূল আকৰ্ষণ এই ১০০ ফুট উচ্চতাৰ ৰাৱণটো । গুৱাহাটীৰ “চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ৰ ‘ এটা যুৱ শিল্পীৰ দল ব্যস্ত হৈ আছে এই ৰাৱণ নিৰ্মাণত । যুৱ শিল্পীৰ দলটোত আছে লক্ষীমপুৰৰ সূৰ্য শইকীয়া , দৰং জিলাৰ জয়ন্ত ভৰালী , মিৰ্জাৰ অমৰ জ্যোতি দাস , পাৰ্থ জ্যোতি দাস , নুনমাটিৰ ৰূপজ্যোতি ডেকা আৰু উত্তৰ গুৱাহাটীৰ জিতু শেখৰ বৰুৱা । যোৱা এমাহ ধৰি ৰাৱণ নিৰ্মাণত ব্যস্ত হৈ আছে এই শিল্পীৰ দলটো। অহা দুই এদিনৰ ভিতৰত সাঁজু হৈ উঠিব ৰাৱণ।ৰাৱণটোৰ বাবে ব্যয় কৰা হৈছে প্ৰায় ডেৰ লাখ টকা ।বাঁহ , কাপোৰ ,কাগজ , ৰং আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে ৰাৱণ নিৰ্মাণত ।ব্ৰহ্মপুত্ৰৰ পাৰৰ এক মনোৰম প্ৰাকৃতিক পৰিবেশত সম্পন্ন হ’ব এই ৰাৱণ দাহন কাৰ্যসূচী ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *