Skip to content
তিনিদিনীয়াকৈ উত্তৰ গুৱাহাটী বিলহঙনীত অনুষ্ঠিত দশম কামৰূপ জিলা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ আজি দ্বিতীয় দিনাৰ খেল উদ্বোধন কৰে আন্তৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ গৰাকীয়ে। টাইকোৱাণ্ডো
চেম্পিয়নশ্বিপত কামৰূপ জিলাৰ প্ৰায় ৫০০ সংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত আজি লাভলীনাই প্ৰতিযোগী সকলক উৎসাহ যোগায়।অনুষ্ঠানৰ আঁত ধৰে জিলা টাইকোৱাণ্ডো এছোচিয়েছনৰ সম্পাদক প্ৰাঞ্জন বুঢ়াগোহাঁয়ে।আজি জুনিয়ৰ শাখাৰ খেল আৰু কাইলৈ কেডেট ছিনিয়ৰ শাখাৰ বিভিন্ন ইভেণ্টৰ প্ৰতিযোগীতা সমূহ অনুষ্ঠিত হ’ব।
কাইলৈ বটাঁ বিতৰনী অনুষ্ঠানত সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়া
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।