
বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিত আই নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে। বিগত কেইটা দিনত প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহ, চৰকাৰী বিদ্যালয়, ৰাজহুৱা মছজিদ সহ শশ বিঘা কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে।
সমষ্টিখনৰ যোগাযোগৰ গুৰুত্বপূৰ্ণ কীৰ্তনপাৰা – ডাঙাইগাওঁ সংযোগী পকী ৰাস্তা নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে। তৎসত্বেও ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই।
আজি খহনীয়া প্ৰতিৰোধৰ বাবে ৪/৫ খন গাৱঁৰ ৰাইজে শ্ৰমদান কৰিছে। স্থানীয় ৰাইজে বাহঁ, গছ গছনিৰে খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। খহনীয়া অঞ্চলত স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে উপস্থিত হৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে।
সমষ্টিটোত বিৰোধীৰ বিধায়ক থকাৰ বাবেই মন্ত্ৰীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰে বিধায়ক জনে।
উল্লেখযোগ্য যে আই নৈৰ খহনীয়াত উত্তৰ অভয়াপুৰী সমষ্টিৰ লগতে বিজনী সমষ্টিতো খহনীয়া অব্যাহত থকাত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই বিজনী পৰিদৰ্শন কৰি তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহন কৰে যদিওঁ অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়কজনে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো সমষ্টিখনত পদাৰ্পণ নকৰাত এই কথা উল্লেখ কৰে বিধায়কজনে।