sangbad lahar logo

উত্তৰাখণ্ডত অমৃতপাল সিঙৰ ৰাজ্যত প্ৰৱেশক লৈ সতৰ্কতা বাজি উঠিছে…

তেওঁ কয় যে তেওঁ পঞ্জাৱ আৰক্ষীৰ পৰা ইনপুট লাভ কৰিছে যে পঞ্জাৱৰ পৰা পলায়ন কৰা খালিস্তান সমৰ্থকজনে, হাৰিয়ানাৰ পৰা উত্তৰাখণ্ডত প্ৰৱেশ কৰিব পাৰে । পলাতক খালিস্তান সমৰ্থক প্ৰচাৰক অমৃতপাল সিঙৰ সন্ধান অব্যাহত থকাৰ সময়তে উত্তৰাখণ্ডত তেওঁৰ ৰাজ্যত প্ৰৱেশৰ সম্ভাৱনাক লৈ সতৰ্কবাণী জাৰি কৰা হয় । এই বিষয়ে ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভি মুৰুগেছানে শনিবাৰে পুৱা অৱগত কৰে । শীৰ্ষ পুলিচজনে জনোৱা মতে, পৰীক্ষা আৰু নিৰীক্ষণ কৰা হৈছে আৰু সম্ভাৱ্য স্থানত সতৰ্কবাণী ৰখা হৈছে ।

জিলা আৰক্ষীকো অৱগত কৰি সীমান্তত সতৰ্কতা অৱলম্বন কৰা হৈছে । ইয়াৰ পূৰ্বে কালি উত্তৰাখণ্ডৰ ডেৰাডুন, হৰিদ্বাৰ আৰু উধম সিং নগৰ জিলাত অমৃতপাল সিঙৰ ৰাজ্যত প্ৰৱেশৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এক সতৰ্কবাণী জাৰি কৰা হয় । দিল্লীৰ আই এছ বি টি বাছ টাৰ্মিনেলত খালিস্তানৰ সমৰ্থক অমৃতপালক দেখা পোৱাৰ চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছত দিল্লী আৰক্ষী আৰু পঞ্জাৱ আৰক্ষী দুয়োটাই দিল্লী আৰু ইয়াৰ সীমান্তত তালাচী অভিযান চলাই আছিল । চোৰাংচোৱাৰ তথ্যই কৈছিল যে তেওঁ হয়তো সাধুৰ বেশত আছে । ইফালে, বাছৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰি অমৃতপালে দিল্লী সীমান্তত প্ৰৱেশ কৰাত সন্দেহ প্ৰকাশ কৰিছিল পঞ্জাৱ আৰক্ষীয়ে । পঞ্জাৱ আৰক্ষীয়ে পলাতক খালিস্তানী নেতাজনৰ ছবিও প্ৰকাশ কৰে । ইফালে, অমৃতপাল সিঙৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ (এল অ’ চি) আৰু নন-বেইলেবল ৱাৰেণ্ট (এন বি ডব্লিউ)ও জাৰি কৰা হৈছে । শনিবাৰৰ পৰাই পলায়ন কৰি আছে উগ্ৰ প্ৰচাৰকগৰাকী , যেতিয়া আৰক্ষীয়ে ৰাজ্যখনত ‘ৱাৰিছ পঞ্জাব দে’ৰ উপাদানসমূহৰ বিৰুদ্ধে “বৃহৎ ৰাজ্যব্যাপি ঘেৰাও আৰু অনুসন্ধান অভিযান আৰম্ভ কৰিছিল ।

Related Articles