sangbad lahar logo

ইন্দিয়া বুক অৱ ৰেকৰ্ডচ্ ত সন্নিবিষ্ট ঘিলামৰাৰ এজন ছাত্ৰৰ নাম ।

স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ছাত্ৰ জনৰ লগতে অভিভাৱক, পৰিয়ালবৰ্গ তথা সমগ্ৰ ঘিলামৰাবাসী ।

মহামাৰী কৰোণাই জন জীৱন এক প্ৰকাৰ কোঙা কৰি পেলোৱাৰ সময়তে এটা আশাব্যঞ্জক খবৰে ঘিলামৰাবাসীৰ বাবে কঢ়িয়াই আনিছে আনন্দৰ বতৰা ।

হয়, যি সময়ত মহামাৰী কৰোণা দেশৰ ছাত্ৰ সমাজৰ বাবে অভিশাপ ৰূপে ধৰা দিছে তেনে সময়তে ঘিলামৰাৰ ছাত্ৰ স্বাধীন গগৈয়ে কঢ়িয়াই আনিছে ইন্দিয়া বুক অৱ ৰেকৰ্ডচ্ ৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ এক অভিলেখ সংস্থাত নিজৰ নাম সন্নিবিষ্ট কৰাৰ গৌৰৱ ।

ঘিলামৰা লামু গাওঁৰ শিক্ষক দম্পতী ক্ৰমে নিৰঞ্জন গগৈ আৰু ৰেখাৰাণী গগৈৰ পুত্ৰ স্বাধীনে মাত্ৰ ৩০ চেকেন্ডত ১৪৬ টা শব্দ পঢ়ি এক প্ৰকাৰ অভিলেখ গঢ়ি এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

ছাত্ৰ জনৰ এনে সফলতাত এতিয়া সমগ্ৰ ঘিলামৰাতে আনন্দময় পৰিবেশে বিৰাজ কৰিছে।

উল্লেখযোগ্য যে কভিড সৃষ্ট পৰিস্থিতিৰ বাবে ঘৰতে থাকিব লগা হোৱাৰ বাবে এনেই থকা সময়খিনিৰ সৎ ব্যৱহাৰ কৰি অন্যান্য কামৰ লগতে শব্দ উচ্চাৰণৰ অনুশীলন কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হোৱা বুলি ছাত্ৰজনে এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *