sangbad lahar logo

ইণ্ডিয়া বুক অব ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰি নাজিৰা তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অন্তৰীক্ষ গগৈয়ে ।

নিউজ ডেস্কঃ নাজিৰাৰ হুদূপৰাৰ নিবাসী বৰ্তমান কৰ্মসূত্ৰে চেৰেকাপাৰ হাতীমূৰীয়া গাৱঁৰ এজন ছাত্ৰই Double under rope skips ৰচীৰ তলত দুগুণ স্কীপত ৩০ ছেকেণ্ডত ৫২ টা স্কীপচ কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ডত নাম অন্তভূক্ত কৰি নাজিৰা তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

সৰুৰে পৰা বেডমিণ্টন খেলা হলিনেম স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ অন্তৰীক্ষ গগৈৰ এনে সাফল্যত পিতৃ বিশ্বজিত গগৈ আৰু মাতৃ পাপুলি সন্দিকৈ গগৈৰ লগতে সকলোৱে আনন্দিত হৈ পৰিছে ৷

আগন্তুক সময়ত Double skips ত অধিক উন্নত প্ৰদৰ্শনেৰে এছিয়া বুক অব ৰেকৰ্ডৰ বাবে প্ৰচেষ্টা চলাব অন্তৰীক্ষই ৷

অনুৰ্দ্ধ ৯ বছৰৰ নৰ্থ ইষ্ট বেডমিণ্টনত তৃতীয় স্থান পোৱা অন্তৰীক্ষৰ এনে সাফল্যত শিৱসাগৰবাসীয়ে শুভেচ্ছা জনাইছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *