
উত্তৰাখণ্ডৰ বাসিন্দা পৱনদীপ ৰাজন ইণ্ডিয়ান আইডল 12-ৰ বিজয়ী। অনুষ্ঠানত আকৰ্ষণীয় প্ৰদৰ্শন কাৰি পৱনদীপ ৰাজনক দেওবাৰে ৰিয়েলিটি শ্ব’ত বিজয়ী ঘোষণা কৰা হয়। তেওঁ এখন ট্ৰফী, এখন গাড়ী আৰু ২৫ লাখ টকা চেক পুৰস্কাৰ লাভ কৰে । অৰুণিতা কাঞ্জিলাল আৰু চয়ালী কাম্বলেক ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় ৰানাৰ-আপ হিচাপে ঘোষণা কৰে। তেওঁলোকক প্ৰত্যেককে ৫ লাখ টকা চেক প্ৰদান। ক্ৰমে তৃতীয় আৰু চতুৰ্থ ৰানাৰ্ছ আপ হিচাপে মনোনীত হোৱা মহম্মদ ডেনিছ আৰু নিহাল তৌৰোৱে ৩ লাখ টকাৰ চেক লাভ কৰে। ইণ্ডিয়ান আইডল ১২ ৰ ফাইনেল স্বাধীনতা দিৱসৰ দিনা নিশা ১২ বজাত আৰম্ভ হৈছিল আৰু মাজনিশালৈকে অব্যাহত আছিল।