
বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত কালি চোৰাং কাঠৰ সৈতে এখন 407 ট্ৰাক এখন আৰক্ষীয়ে জব্দ কৰে ।জানিব পৰা মতে যোৱা নিশা বিশ্বনাথ আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত তহল দি থকা অবস্থাত এখন 407 ট্ৰাক নম্বৰ AS 12-E 1631 প্ৰত্যক্ষ কৰে ।পিছত গাড়ী খন আৰক্ষীয়ে খেদি যোৱাত ট্ৰাক খন অলপ দুৰ গৈ ৰাষ্টাতে গাড়ী খন এৰি থৈ চালক জন পলাই পত্ৰং দিয়ে । ট্ৰাক খনৰ ওচৰ চপাত আৰক্ষীয়ে চোৰাং কাঠ প্ৰত্যক্ষ কৰি লগে লগে অধীক্ষক গৰাকীয়ে ট্ৰাক খন ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগক জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে । পিছত আজি ইটাখোলা আৰক্ষীয়ে উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত ইটাখোলাস্থিত ডিপলোঙা বন বিষয়া সংমণ্ডল কাৰ্যালয়ৰ ৰেঞ্জৰ ধনেশ্বৰ দলেক মাতি আনি চমজাই দিয়ে