sangbad lahar logo

আৰ্চেনিক মুক্ত পানী যোগান আঁচনিত দুৰ্নীতি…

নিৰ্মাণৰ ৮মাহৰ পিছতো ৰাইজে এটোপালো পানী নাপালে প্ৰায় ৪০(চল্লিছ) লাখটকীয়া আৰ্চেনিক মুক্ত পানী যোগান আঁচনিৰ পৰা ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, মঙলদৈ সংমণ্ডলৰ অধীনত লোজোৰা গাঁৱত আৰ্চেনিক মুক্ত পানী ঘৰে ঘৰে যোগান ধৰাৰ বাবে প্ৰায় চল্লিশ লাখ টকা ব্যয়েৰে লোজোৰা ক্ষুদ্ৰ পানী যোগান আচঁনি খন নিৰ্মান কৰিছিল যদিও, ঠিকাদাৰ ,বিভাগীয় বিষয়াৰ লুন্ঠনৰ ফলত অতি নিম্নমানৰ কামেৰে আঁচনিখন সম্পূৰ্ণ কৰাৰ ফলত নিৰ্মানৰ ৮মাহৰ পিছতো গাঁৱখনৰ ৰাইজে এইপৰ্যন্ত এটোপালো আৰ্চেনিক মুক্ত পানী নাপালে ৷অতি নিম্ন মানৰ কামৰ লগতে আঁচনিখনত পুৰনি পাইপ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ বিভাগীয় বিষয়াই আঁচনিখন ৰূপায়নৰ সময়ত এদিনো উপস্থিত নোহোৱাকৈয়ে কেৱল নামতহে সম্পূৰ্ণ হ’ল আঁচনিখন ৷ ইপিনে পানীৰ সংযোগৰ বাবে গাঁৱখনৰ ৰাইজক ১৫০০ ৰ পৰা ৫০০০ টকা পৰ্যন্ত ঠিকাদাৰে দাবী কৰাৰো গুৰুতৰ অভিযোগ তুলিছে গাঁৱখনৰ ৰাইজে ৷উল্লেখযোগ্য যে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত আৰ্চেনিকযুক্ত পানীৰ প্ৰভাৱত কেন্সাৰত আক্ৰান্ত হৈ ইতিমধ্যে বহু লোকে প্ৰান হেৰুৱাৰ লগতে আক্ৰান্তৰ সংখ্যাও উদ্বেগজনক ভাবে বাঢ়ি আছে ৷এই সন্দৰ্ভত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে আৰ্চেনিকৰ গুৰতৰ সমস্যা সন্দৰ্ভত বিধান সভাৰ সদনত সজোৰে উৎত্থাপন কৰাৰ সময়তে আৰ্চেনিকমুক্ত পানী যোগান আঁচনি ৰূপায়নত নিজৰ সমষ্টিত সংঘটিত বৃহৎ দুৰ্নীতি সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হ’ব লক্ষনীয় বিষয়

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *