sangbad lahar logo

আৰন্যকৰ বন্যপ্ৰাণী সংৰক্ষণৰ পৰ্যালোচনা সভা…

বন্যপ্ৰাণীৰ উপযুক্ত সংৰক্ষণ তথা বন্যপ্ৰাণীৰ বিৰুদ্ধে চোৰাং চিকাৰীৰ কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে প্ৰকৃতি প্ৰেমী সংগঠনে বিশেষভাবে উদ্যোগ লৈ আহিছে । সোমবাৰে আমিনগাঁও কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত আৰণ্যকৰ উদ্যোগত তথা কামৰূপ জিলা প্ৰশাসন আৰু জন সংযোগৰ সহযোগত এক সজাগতামূলক সভা অনুষ্ঠিত হয় । দৰং আৰু কামৰূপ জিলাৰ সংবাদ কৰ্মীক লৈ আয়োজিত কৰ্মশালাৰ জৰিয়তে প্ৰকৃতি সুৰক্ষা বুনিয়াদ গঢ়াৰ পৰিকল্পনা আৰণ্যকৰ । বন্যপ্ৰাণী বিৰোধী কাৰ্যকলাপ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যবসায় শীৰ্ষক সজাগতা সভাত, কামৰূপ জিলা উন্নয়ন বিষয়া নৰসিং বে আৰু আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিভব কুমাৰ তালুকদাৰ সমন্নিতে কৰ্মকৰ্তা সকলে বিষয়টিৰ পৰ্যালোচনা কৰে । বন্য প্ৰাণীৰ সংকটৰ সকলো দিশ সামৰি সংগঠনটিয়ে এক প্ৰদৰ্শনীমূলক পৰ্যালোচনা আগবঢ়ায় । আৰণ্যকৰ কৰ্মকৰ্তাই ভাষণত বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে সৎবাদ মাধ্যমৰ সক্ৰিয় সহযোগিতা বিছাৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *