sangbad lahar logo

আৰক্ষী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই বিশ্বনাথ আৰক্ষীৰ অৰ্ধ মাৰাথান দৌৰ প্ৰতিযোগিতা।

অসম আৰক্ষী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি চলিত মাহৰ ২১ অক্টোবৰ তাৰিখৰ পৰা ৩১ তাৰিখলৈকে অনুষ্ঠিত হৈ থকা আৰক্ষী স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা ৫ বজাত বিশ্বনাথৰ আৰক্ষী চকীৰ পৰা চতিয়া বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুললৈকে প্ৰায় ২২ কিলোমিটাৰ পথ হাফ মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰে বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ৷উল্লেখ্য যে আৰক্ষীৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই ২০১৬ চনৰ পৰাই ২১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈকে এই দিৱস পালন কৰা এই অনুষ্ঠানত প্ৰায় তিনিশতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহন কৰে ৷বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলে উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাকে ধৰি আৰক্ষীৰ বহু বিষয়ববীয়া উপস্থিত থাকে উক্ত অনুষ্ঠানত ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *