
এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটী অভয়পুৰত । অভয়পুৰত বোৱাৰীৰ শালিনতা হানিৰ চেষ্টা । ঘৰত অকলে থকা এগৰাকী বোৱাৰীৰ শালিনতা হানিৰ চেষ্টা কৰিছিল এজন ডেম্পৰ শ্ৰমিকে। ভঙা-চিঙা লোহা ক্ৰয়ৰ চলেৰে উত্তৰ গুৱাহাটী অভয়পুৰৰ অনিল পাঠক নামৰ লোকৰ ঘৰত প্ৰবেশ কৰিছিল আজগৰ আলী নামৰ এজন লম্পট। আজগৰ আলী নামৰ লম্পট শ্ৰমিকে কোলাত কেঁচুৱা থকা বোৱাৰীৰ গাত হাত দিয়াৰ লগে লগে চিঞৰ-বাখৰ কৰে । চিঞৰ শুনি ৰাইজে লম্পট অজগৰ আলিক ধৰি শোধালে চৰ-কিল । পিছত ৰাইজে ধৰি গটালে আৰক্ষীক । উল্লেখ্য যে নগৰত পৰিচয় বিহীনভাবে গঢ় লোৱা ডেম্প সমূহ এতিয়া হৈ পৰিছে অপৰাধীৰ ঘাটি । আৰক্ষীয়ে এই সমুহ ডেম্পৰ বিৰুদ্ধে ব্যবস্থা নল’লে পুনৰ সংঘটিত হ’ব পাৰে এনে অপৰাধ জনীত ঘটনাৰ।