sangbad lahar logo

আহিছিল বিয়া পাতিবলৈ, কিন্তু আলহী হ’ল আৰক্ষীৰ, নাবালিকাক বিয়া পাতি ৰঙাঘৰৰ আলহী হ’ল তেজপুৰৰ ৰঞ্জন দেৱনাথ।

দৰাৰ বয়স ৩২ আৰু কইনাৰ বয়স ১৬।তাতেই লাগিল কেণা।নহ’ল নহ’ল । ৰঞ্জন দেৱনাথে ভাবি থকা সপোনৰ ঘৰখন পূৰ্ণ নহ’ল। অৱশেষত বিয়া পাতি ৰঙাঘৰৰ আলহী হ’ল তেজপুৰ ৰঙাপাৰাৰ পৰা বৰযাত্ৰী হৈ অহা এইগৰাকী ৰঞ্জন দেৱনাথ সহ পৰিয়ালৰ লোক।

কাৰণ, এটাই কইনা হ’ল নাবালিকা।

এই ঘটনা সংঘটিত হৈছে গোৰেশ্বৰত।
ঘটনাৰ বিৱৰণ অনুযায়ী গোৰেশ্বৰত বাল্যবিবাহ পাতিবলৈ আহি দৰাসহ ছয় জনক আটক কৰিলে আৰক্ষীয়ে।
তেজপুৰৰ ৰঙাপাৰাৰ পৰা বাক্সাৰ গোৰেশ্বৰলৈ আহিছিল দৰাসহ বৰযাত্ৰীৰ এটি দল।পুৰুষ-মহিলাৰ লগতে কেইবা গৰাকী শিশু আহিছিল বৰযাত্ৰী হৈ।কিন্তু কইনাৰ বয়স বিবাহৰ উপযুক্ত নোহোৱাকৈ বিবাহ সম্পন্ন হোৱাত আৰক্ষীয়ে বাছসহ দৰা-কইনাৰ লগতে বৰযাত্ৰী সকলক লৈ আহে আৰক্ষী থানালৈ।আৰক্ষীয়ে অনুসন্ধান কৰি বৰযাত্ৰী সকলক অৱশেষত আজি সন্ধিয়া মুকলি কৰি দিয়ে যদিও দৰা ৰঞ্জন দেৱ নাথ সহ দৰা-কইনা দুয়োটা পক্ষৰ ছয়জনকৈ লোকক আটক কৰে গোৰেশ্বৰ আৰক্ষীয়ে।

Related Articles