sangbad lahar logo

আশাৰ বতৰা কঢ়িয়াইছে বাক্সাৰ এগৰাকী শিক্ষিত যুৱকে , বেনাৰত প্ৰতিশ্ৰুতি নহয়, প্ৰতিজ্ঞাৰে দিছে তিনিখন বিদ্যালয়ত গুণগত শিক্ষা

শিক্ষিত যুৱকজনৰ নাম বসন্ত মেধি ৷ বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী চাউলকাড়াৰ এইগৰাকী যুৱকে শিক্ষাৰ জৰিয়তে জ্ঞান বিলাবলৈ এক সপোন দেখিছিল ৷ সেই সপোনে বাস্তৱত ৰূপ দি বাক্সাৰ সদৰত ক্ৰমাগত তিনিখন শিক্ষানুষ্ঠান স্থাপন কৰি ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ আলোক বিলোৱাৰ লগতে আন দহজনকো আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলি এক মহান আদৰ্শৰ পৰিচয় দিছে । শৈক্ষিক সপোন দিঠকত পৰিণত কৰাৰ চূড়ান্ত ৰূপ দি ২০১৮ চনতে থমনা আৰু অদালবাৰীত নীলাচল একাডেমি নামেৰে ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ পিছতে ২০২১ চনত মুছলপুৰত একে নামেৰে আন এখন অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান খুলি শিক্ষাৰ ক্ষেত্ৰত এক মাইলৰ খুটি স্থাপন কৰে শিক্ষিত যুৱক বসন্ত মেধীয়ে ৷

সম্প্ৰতি তিনিওখন শিক্ষানুষ্ঠানৰ শ শ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ আলোক বিলাই তেওঁৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠান কেইখনত নৈতিক শিক্ষাৰ উপৰিও ব্যৱহাৰিক শিক্ষা প্ৰদান কৰাৰ লগতে আন বিদ্যালয়ৰ তুলনাত এক ব্যতিক্ৰমী শিক্ষা প্ৰদান কৰা বুলি স্বত্বাধিকাৰী বসন্ত মেধিয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে অদালবাৰীস্থিত নীলাচল একাডেমিত ১৭০ গৰাকী, থমনাস্থিত নীলাচল একাডেমিত ৯০ গৰাকী আৰু মুছলপুৰস্থিত নীলাচল একাডেমীত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে ৷ ভৱিষ্যতে আৰু অধিক ল’ৰা-ছোৱালীয়ে তেওঁৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত নাম ভৰ্ত্তি হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে প্ৰকৃত শিক্ষা গ্ৰহণ কৰিবলৈ অভিভাৱকৰ প্ৰতি আহ্বান জনায় স্বত্বাধিকাৰী মেধিয়ে ৷ আনফালে অভিভাৱকেও নিজৰ সন্তানক এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠানত পঢ়োৱাই যথেষ্ট সুখী ।

Related Articles