

আলফা (স্বাঃ)ৰ অপাৰেচন কমাণ্ডাৰৰ দায়িত্বত থকা ৰূপম অসমক অসম-অৰুণাচল সীমান্তৰ পৰা গ্ৰেপ্তাৰ তিনিচুকীয়া আৰক্ষীৰ । তিনিচুকীয়া সদৰ আৰক্ষী থানাত মাৰাথন জেৰা আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ ৰূপম অসমক । তিনিচুকীয়া আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ লগতে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই চলাইছে মাৰাথন জেৰা। আৰক্ষীৰ জেৰাত বহু বিস্ফোৰক তথ্য লাভ কৰাৰ সম্ভাৱনা ৷বিগত চাৰিমাহ ধৰি ৰূপম অসমে ধনদাবীৰ লগতে বিভিন্ন অপৰাধমূলক কায্যত জড়িত হৈ থকাৰ অভিযোগ । আৰক্ষীৰ মূৰৰ কামোৰণি আছিল কেডাৰ ৰূপম অসম ৷