sangbad lahar logo

আমেৰিকাত ভাৰতীয় সাংবাদিকক আক্ৰমণ, গালি-গালাজ খালিস্তানী সমৰ্থকৰ…

শনিবাৰে বিয়লি প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে খালিস্তানী সমৰ্থক প্ৰতিবাদকাৰীয়ে ললিত ঝাক আক্ৰমণ কৰে । ৱাশ্বিংটনত থকা ললিত ঝা নামৰ এজন ভাৰতীয় সাংবাদিকে দাবী কৰিছে যে খালিস্তানী সমৰ্থক প্ৰতিবাদকাৰীয়ে তেওঁক শাৰীৰিক আক্ৰমণ আৰু মৌখিক গালি-গালাজ কৰিছিল । আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ বাবে সংঘটিত হৈছে এই ঘটনা ।

খালিস্তানী সমৰ্থকে তেওঁৰ বাওঁ কাণত দুখন লাঠিৰে আঘাত কৰা বুলি দাবী কৰে সাংবাদিকগৰাকীয়ে । ইয়াৰ উপৰিও তেওঁ নিজৰ টুইটাৰত খালিস্তানী সমৰ্থকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে । প্ৰতিবাদকাৰীসকলৰ ভিতৰত সকলো বয়সৰ পাগুৰি পিন্ধা লোকে খালিস্তান সমৰ্থকক শ্লোগান উত্থাপন কৰে । এ এন আইৰ বাতৰি অনুসৰি তেওঁলোক ডি চি-মেৰিলেণ্ড ভাৰ্জিনিয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল ।

আয়োজকসকলে মাইক্ৰ’ফোন ব্যৱহাৰ কৰি ইংৰাজী আৰু পাঞ্জাবী দুয়োটা ভাষাতে ভাৰত বিৰোধী ভাষণ দিছিল আৰু পঞ্জাৱ আৰক্ষীক লক্ষ্য কৰি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰিছিল ।

Related Articles