



ডিমৰীয়া বিধানসভা সমষ্টিত দীৰ্ঘদিন ধৰি হাতী মানুহৰ সংঘাত চলি আছে । হাতী মানুহৰ সংঘাতৰ ফলত এতিয়ালৈ দুজন লোকৰ মৃত্যু হোৱাৰ উপৰিও এজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে। খাদ্যৰ সন্ধানত অঞ্চললৈ ওলাই অহা হাতীয়ে বহু লোকৰ খেতিপথাৰ ধ্বংস কৰাৰ ওপৰিও শতাধিক লোকৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰিছে । আমচাং অভয়াৰণ্যত খাদ্যৰ নাটনি হোৱাৰ ফলত খাদ্যৰ আশাত বনাঞ্চলৰ হাতী দাঁতিকাষৰীয়া গাঁওসমূহলৈ ওলাই আহে । খাদ্যৰ নাটনি দূৰ কৰাৰ বাবে আজি ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত আমচাং অভয়াৰণ্যৰ পৰা হাতী ওলাই অহা পথসমূহত কলগছ, ফল -মূলৰ গছ আৰু নেপিয়াৰ ঘাঁহৰ পুলিও লগাই হাতীৰ বাবে খাদ্য যোগান ধৰাৰ প্ৰচেষ্টা চলায় । বিশ্ব পৰিবেশ দিবস উপলক্ষে আয়োজিত এই অনুষ্ঠানত বন বিভাগৰ খানাপাৰা বন্যপ্ৰাণী সংমণ্ডলৰ ৰেঞ্জাৰৰ লগতে কেইবাগৰাকী বন বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে ।ডিমৰীয়া বিকাশ মঞ্চৰ মুখ্য উপদেষ্টা দিব্যজ্যোতি মেধি আৰু বনাঞ্চলিক বিষয়া ধ্ৰুবজ্যোতি দাসে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ জৰিয়তে হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে । ডিমৰীয়া নৱনিৰ্মাণ উদ্দীপনা আৰু স্বেচ্ছাসেৱী সংগঠন পশু সাৰথি ফাউণ্ডেশ্বনে বিশ্ব পৰিবেশ দিৱসৰ এই কাৰ্য্যসূচীত বিশেষ সহযোগিতা আগবঢ়ায় ।