
আপুনি অনলাইন বজাৰ কৰি ভাল পায় নেকি? তেন্তে সাবধান।বৰ্তমান যুগত গ্ৰাহকসকলৰ বাবে বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ক্ৰয়ৰ কাৰণে জনপ্ৰিয় মাধ্যম হৈ পৰিছে অনলাইন সেৱা। কিন্তু এই অনলাইন সেৱাৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকে ঠগ খোৱাৰ ঘটনায়ো নঘটা নহয়। অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে সোণাপুৰত। এগৰাকী ব্যক্তিৰ সৈতে সংঘটিত হ’ল তেনে এক ঘটনা। অনলাইন সেৱাৰ জৰিয়তে হাফপেন্ট অৰ্ডাৰ দি ব্যক্তিগৰাকীয়ে লাভ কৰে কাগজৰ অসংখ্য টুকুৰা।

প্ৰাপ্ত তথ্য মতে সোণাপুৰৰ এইগৰাকী ব্যক্তিয়ে অনলাইন শ্বপিং ছাইত ‘Snapdeal’ৰ জৰিয়তে ৩২৯ টকীয়া এটা হাফপেন্ট অৰ্ডাৰ কৰিছিল। পিছত তেওঁ কৰা অৰ্ডাৰটো আহি পোৱাত পেকেটটো খুলিলত তাত হাফপেন্টৰ পৰিৱৰ্তে ওলাল কাগজৰ টুকুৰা।

পিছত ভুক্তভোগীয়ে Snapdeal ৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাই আৰু তেওঁ অৰ্ডাৰ কৰা হাফপেন্টটো প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাই বুলি জানিবলৈ দিয়ে।
এতিয়া প্ৰশ্ন হয়, এনেদৰে অনলাইন শ্বপিংৰ গ্ৰাহক সকলক ঠগি অহা কোম্পানী সমূহৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব সময়ৰ লক্ষ্যণীয় বিষয়।