sangbad lahar logo

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক লাভ কৰা জিতুমণি দাসক গাওঁবাসীয়ে জনালে উষ্ম আদৰণি ।

ইণ্ডো নেপাল কাৰাটে খেলত স্বৰ্ণ পদক অৰ্জন জাগীৰোড ঠাকুৰডোভাৰ জিতুমণি দাসৰ । দেশ তথা সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডলৈ গৌৰৱ কঢ়িয়াই আনিলে জিতুমণি দাসে। ১৩মে’ৰ পৰা ১৫মে’লৈ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা ইণ্ডো নেপাল কাৰাটে চেম্পিয়নশ্বিপ ২০২৩-২৪ ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হ’ল জাগীৰোডৰ ঠাকুৰডোভা নামে এখন ভিতৰুৱা গাঁৱৰ সন্তান জিতুমণি দাসে । সৰুৰে পৰা খেলৰ প্ৰতি আগ্ৰহী জিতুমণিয়ে অশেষ কষ্ট আৰু সাধনাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ঘৰখনৰ লগতে ঠাকুৰডোভা গাঁৱলৈ এই গৌৰৱ কঢ়িয়াই আনিবলৈ পাই আনন্দিত হৈ পৰিছে । জিতুমণিৰ এই সাফল্যৰ বাবে পিতৃ -মাতৃৰ লগতে গাঁৱৰ ৰাইজ আনন্দিত হৈ পৰে আৰু ৰাজহুৱা নামঘৰত এখন ফুলাম গামোচাৰে আদৰণি জনায় । অনাগত দিনত যাতে জিতুমণি দাসে কাৰাটেৰ জৰিয়তে বিশ্ব জয় কৰিব পাৰে তাৰ বাবে নামঘৰত ৰাইজে আশীৰ্বাদ প্ৰদান কৰে । উলেখ্য যে স্বৰ্ণ পদক জয়ী জিতুমণি দাসে সম্প্ৰতি জাগীৰোডৰ দুখনকৈ কাৰাটে প্ৰশিক্ষণ বিদ্যালয়ত শতাধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আছে ।

Related Articles