sangbad lahar logo

আন্তজাৰ্তিক কেৰাটেত বিশ্বনাথৰ যুৱক দিগন্ত বসুমতাৰীৰ সাফল্য ।

এটা জৰাজীৰ্ণ ঘৰত বসবাস কৰা এটি দৰিদ্ৰ পৰিয়ালৰ বাস্তৱ জীয়া কাহিনীয়ে হয়তো আপোনাৰ অন্তৰখন  চুই চাব ৷ মাটিকুঁৱাৰ পানী খাই জীৱন ধাৰণ কৰিব লগা হৈছে উন্নয়নে ঢুকি নোপোৱা গাওঁবাসীৰ লগতে আন্তৰ্জাতিক পৰ্যায়ৰ কেৰাটেৰ ব্ৰঞ্জৰ পদকপ্ৰাপ্ত খেলুৱৈগৰাকীৰ পৰিয়ালটোৱে ৷ দৰিদ্ৰতাই কোঙা কৰি ৰখা পৰিয়ালটোৱে হাজিৰা মজুৰি কৰি কোনোমতে দিন অতিবাহিত কৰি আহিছে ৷ এটুপি খোৱাপানীৰ বাবে মাটিকুঁৱাৰ দূষিত পানী খাব লগা অৱস্থাৰ সন্মুখীন হৈছে ৷ দৰিদ্ৰতাই যেন পৰিয়ালটোৰ বাবে হৈ পৰিছে এতিয়া অভিশাপস্বৰূপ ৷ একাগ্ৰতা আৰু সাধনা থাকিলে অসাধ্যকো সাধন কৰিব পাৰে , ইয়াৰে যেন এক জ্বলন্ত উদাহৰণ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ বালিচাং গাওঁ পঞ্চায়তৰ অন্তৰ্গত তৰাজুলি বলামগুৰি গাওঁৰ যুৱক দিগন্ত বসুমতাৰী  ৷ হাজাৰ বাধা আৰু দৰিদ্ৰতাকো নেওচি তেওঁৰ সাফল্য এতিয়া আন্তজাৰ্তিক মহলত চৰ্চিত ৷ অলপতে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰ্ট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 19th WKI INTERNATIONAL KARATE CHAMPIONSHIP 2023 ত দুটা শাখাত অংশগ্ৰহণ কৰি দিগন্তই ব্ৰঞ্জ আৰু ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে ৷ All INDIA WADO- KAI KARATE DO ASSOCIATION য়ে আয়োজন কৰা INTERNATIONAL KARATE CHAMPIONSHIP 2023ত বিশ্বৰ আন দহখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰে ৷ আন্তৰ্জাতিক পৰ্যায়ৰ উক্ত প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হোৱা দিগন্ত বসুমতাৰীয়ে ভাৰতৰ হৈ অংশগ্ৰহণেৰে দুটা শাখাৰ দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰি ব্ৰঞ্জ আৰু ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কঠোৰ সাধনাৰ মাজেৰে চেষ্টা অব্যাহত ৰখা দিগন্তই জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতামূলক কেৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কৃতিত্ব অৰ্জন কৰা শেহতীয়াকৈ আন্তজাৰ্তিক পৰ্যায়ৰ   তেওঁৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ৰাজ্যখনৰ লগতে গাওঁবাসী ৷ এবছুকে ধৰি বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষীসকলে দিগন্তৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে ৷ আনহাতে যুৱকজনৰ লগতে পৰিয়ালবৰ্গক আৰ্থিকভাৱে সকাহ হোৱাকৈ সাহাৰ্য্য তথা সুবিধা প্ৰদানৰ বাবে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীলৈ   আহ্বান জনাইছে স্থানীয় ৰাইজে ।

Related Articles