
নগাঁও জিলাৰ ৰূপহীহাটৰ কাৱৈমাৰী হকী একাডেমীৰ পৰা মোজাম্মিল হক নামৰ এগৰাকী হকী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ হকী খেলত স্থান লাভ কৰি সমগ্ৰ অসমৰ লগতে ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। আগন্তুক দিনত বাংলাদেশত হ’বলগীয়া, হকী প্ৰিমিয়াৰ লীগত ভাৰতৰ আন ৰাজ্যৰ তিনি গৰাকী খেলুৱৈৰ লগতে এই গৰাকী অসম সন্তানেও দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে অতিকৈ পিছপৰা নগাঁও জিলাৰ মাগুৰমাৰী গাঁৱৰ পৰা দুৰ্দান্ত খেলুৱৈ গৰাকীয়ে উচ্চ স্থান লাভ কৰাত কাৱৈমাৰী হকী একাডেমীত আনন্দময় পৰিৱেশে বিৰাজ কৰিছে। লগতে হকী একাডেমীৰ প্ৰশিক্ষক আৰিফুল কালামৰ এক দীৰ্ঘদিনীয়া সপোঁন, এইগৰাকী উদীয়মান হকী খেলুৱৈ মোজাম্মেলে বাস্তবায়িত কৰিবলৈ সক্ষম হৈছে।