
৮ অক্টোবৰ নিশা ১২ বজাৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আদানি গ্ৰুপক আনুষ্ঠানিক ভাৱে কৰা হয় হস্তান্তৰ। বিমানবন্দৰটোৰ অভিযান, ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্ব গ’ল এতিয়াৰে পৰা আদানি গ্ৰুপৰ হাতলৈ।উত্তৰ-পূবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ সাংকেতিক চাবি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সঞ্চালক ৰমেশ কুমাৰে উৎপল বৰুৱাক হস্তান্তৰ কৰে।