
প্ৰত্যেক বছৰে ৩১ অক্টোবৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাপে পালন কৰা হয় ৷ চৰ্দাৰ বল্লভ ভাই পেটেলক তেওঁৰ জন্মদিনটোত সুঁৱৰি এই একতা দিৱস পালন কৰা হয় ৷ ২০১৪চনৰপৰা ভাৰত চৰকাৰে এই দিনটো পালন কৰি আহিছে ৷ ৰাষ্ট্ৰীয় একতা দিৱসৰ পালনে ভাৰতবৰ্ষৰ একতা, অখণ্ডতা আৰু সুৰক্ষা নিশ্চিত কৰাত অৰিহণা আগবাঢ়োৱাৰ ক্ষেত্ৰত প্ৰত্যেক ভাৰতীয়কে সজাগ কৰি তোলে। ১৮৭৫চনৰ আজিৰ দিনটোতেই অৰ্থাৎ ৩১অক্টোবৰ তাৰিখেই জন্ম হৈছিল চৰ্দাৰ বল্লভ ভাই পেটেলৰ ৷ ৰাষ্ট্ৰীয় একতা দিৱসত দেশবাসীয়ে সুঁৱৰিছে চৰ্দাৰ বল্লভ ভাই পেটেলক। লৌহ মানৱগৰাকীৰ আজি ১৪৬ সংখ্যক জন্মদিন। সেয়ে দেশবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি। অখণ্ডতাৰ প্ৰতীক চৰ্দাৰ বল্লভ ভাই পেটেলক সমগ্ৰ ভাৰতবাসীয়ে স্মৰণ কৰাৰ লগতে তেখেতৰ কৰ্মৰাজিৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বৰ বাবে আজিৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়।