
মধ্যযুগীয় সাংস্কৃতিক আন্দোলনে শঙ্কৰদেৱৰ প্ৰতিভাত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল – তাৰে পৰাই ফুলে পাতে বিকশিত হৈ উঠিল অসমীয়া সংস্কৃতি। এই সাংস্কৃতিক আন্দোলনে অসমীয়া সমাজ জীৱনক দিলে এক নতুন বাটৰ সন্ধান। তাৰেই ধাৰাবাহিকতাত ভাৰতীয় নৱজাগৰণৰ উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী, বিজ্ঞানসন্মত চিন্তাধাৰাৰ সমাহাৰ ঘটোৱা আধুনিক অসমীয়া সাহিত্যৰ প্ৰাণ-পুৰুষ হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।
শংকৰী সাহিত্যৰ অমূল্য সম্পদক পোহৰাই তোলাৰ পথেৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি-শিল্পক আধুনিকীকৰণেৰে সঞ্জীৱীত কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। একাধাৰে কবি, নাট্যকাৰ, গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতাকে ধৰি সকলো দিশতে অসমীয়া সাহিত্যত বেজবৰুৱাৰ অৱদান অতুলনীয়।
কুৰি শতিকাৰ আগছোৱাক ‘লক্ষ্মীনাথ বেজবৰুৱাৰ যুগ’ বুলি অভিহিত কৰা হয়। বেজবৰুৱাৰ নিভাঁজ ৰচনাৰে অসমীয়া ভাষা-সংস্কৃতিক বিশ্বৰ দৰবাৰত উজ্বলাই তুলিছিল।
আজি পুৱাৰে পৰাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজক স্মৰণ কৰি পুষ্পাঞ্জলি অৰ্পন কৰে ৰাজ্যবাসীয়ে ।
১৯৩৮ চনৰ ২৬ মাৰ্চত ডিব্ৰুগড়ত নিজৰ জী- জোৱাঁইৰ ঘৰত ইহলীলা সম্বৰণ কৰিছিল অসমীয়া ভাষাৰ জনক সাহিত্যৰথী বেজবৰুৱাই ৷
আজি তেওঁৰ ১৫৬ সংখ্যক জন্মতিথিত আমিয়ো তেওঁলৈ জনাইছোঁ অশ্ৰুশিক্ত শ্ৰদ্ধাঞ্জলি।